অসম

assam

বিদ্যালয়ৰ ৰন্ধনকৰ্মীৰ উত্তাল প্ৰতিবাদ

ETV Bharat / videos

Mid day meal worker protest :ৰন্ধনকৰ্মীৰ প্ৰতিবাদত উত্তাল মুকালমুৱা - Mid day meal worker protest

By

Published : Jul 17, 2023, 9:58 PM IST

নলবাৰী, ১৭ জুলাই:নলবাৰী জিলাৰ মুকালমুৱাত চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মী সকলৰ উত্তাল প্ৰতিবাদ । ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মী সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বিষয়ে চৰকাৰৰ দৃষ্টিগোচৰ কৰি অহাৰ পাচতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি এইদৰে প্ৰতিবাদ জনাইছে ৰন্ধনকৰ্মীসকলে ।  

ৰন্ধনকৰ্মী সকলে তেওঁলোকৰ সমস্য়া সমাধানৰ বাবে দাবী জনাই অহাৰ পিচতো গুৰুত্ব নিদি অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন বেচৰকাৰী আৰু ব্যৱসায়িক সংস্থা "অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন" লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰে প্ৰতিবাদত সমগ্ৰ ৰাজ্যৰ লগতে মুকালমুৱাতো আজি ৰন্ধনকৰ্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৰন্ধন কৰ্মচাৰীৰ মাননি দহ হেজাৰ টকালৈ বৃদ্ধি কৰা, মাননী নিয়মীয়া কৰা আৰু সম্পূৰ্ণকৈ আদায় দিয়া, সমস্ত বকেয়া ধন সম্পূৰ্ণ আদায় দিয়া, মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্থাক হস্তান্তৰ কৰিব দিয়া নহ'ব আদি বিভিন্ন দাবীৰে ৰন্ধনকৰ্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকৰ দাবীসমূহ উল্লেখ কৰি বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰন্ধনকৰ্মীসকলে ।

লগতে পঢ়ক:Rameshwar Teli on PM Modi:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস নকৰে জাত-পাতৰ কথাত

For All Latest Updates

ABOUT THE AUTHOR

...view details