অসম

assam

বড়োভূমিক সুকীয়া ৰাজ্যৰ মৰ্যদাৰ প্ৰদানৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 11:04 AM IST

সুকীয়া বড়োভূমি ৰাজ্যৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

ওদালগুৰি,২০ ডিচেম্বৰ: বড়োভূমিক সুকীয়া ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীত দেশৰ ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ বড়ো নেচনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বঞ্চুৰ । ২০২০ চনৰ তৃতীয় বড়ো শান্তি চুক্তিক নস্যাৎ সংগঠনটোৰ । ওদালগুৰিত বঞ্চুয়ে জিলা উপায়ুক্তৰ জৰিয়তেদেশৰ ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰি সংবাদ মাধ্যমৰ আগত আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

সংগঠনটোৰ নেতাসকলে কয় যে, প্ৰমোদ বড়োয়ে বড়ো ৰাইজক ৰামঠগন দিলে । শান্তি চুক্তিৰ নামত মূলসুঁতিলৈ উভতি অহা এন ডি এফ বিৰ কেডাৰ আজিও কাৰাৰুদ্ধ বুলি উল্লেখ কৰি বঞ্চুৰ নেতাসকলে কয় যে প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা বিটিআৰ শান্তি চুক্তি মাথো এক এগ্ৰিমেণ্ট, সেয়া বড়ো ৰাইজৰ শান্তি,অধিকাৰ আৰু প্ৰাপ্য নহয় । লগতে অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দাবীসমূহ পূৰণ নহলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে বঞ্চুৰ নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক:12 খন চহৰৰ পৌৰ এলেকাৰ উন্নয়নৰ বাবে 'দহ চহৰ, এক ৰূপায়ণ’ প্ৰকল্প

ABOUT THE AUTHOR

...view details