Meghalaya Police: দিশপুৰ আৰক্ষীক লগত লৈ মেঘালয় আৰক্ষীৰ অভিযানৰ নাটক - মেঘালয় আৰক্ষী
গুৱাহাটী ২০ জুলাই: অসমৰ পৰা মেঘালয়ত কয়লাৰ অবৈধ বেপাৰ চলোৱা ব্যৱসায়ীক বিচাৰি দিশপুৰ থানাত উপস্থিত হ’ল মেঘালয় আৰক্ষী ৷ মেঘালয়ৰ ৱেষ্ট খাচী হিলচৰ এগৰাকী উচ্চপদষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত উপস্থিত হৈছে মেঘালয় আৰক্ষীৰ দলটো। মেঘালয়ৰ পৰা আৰক্ষীৰ এটা বৃহৎ দল আহি দিশপুৰ আৰক্ষীৰ সহযোগত বুধবাৰৰ দিনটোত মহানগৰীৰ বেলতলা অঞ্চলৰ কেইবাটাও স্থানত চলাই অভিযান ।
অসমত থাকি মেঘালয়ত অবৈধ কয়লাৰ বেপাৰ চলোৱা ৭-৮ জন ব্যৱসায়ীক বিচাৰি মেঘালয় পুলিছৰ এই অভিযান ৷ কিন্তু অভিযানৰ নামত বুধবাৰৰ দিনটোত মেঘালয় পুলিচৰ আছিল এখন দিনজোৰা নাটক ৷ কিয়নো কাক বিছাৰি অভিযান চলাব, ঠিকনা কি নকয় খোদ দিশপুৰ আৰক্ষীকে ৷ প্ৰকৃতাৰ্থত মেঘালয় আৰক্ষীয়ে অসম আৰক্ষীক লগত লৈ আভিযানৰ নামত মাত্ৰ ইফালৰ পৰা সিফালে গৈছে সিফালৰ পৰা ইফালে আহিছে ৷ কাক বিছাৰি ফুৰিছে সেয়া কোনেও নাজানে ৷
জানিব পৰা মতে অভিযান চলাবলৈ অহা ৭-৮ জন অবৈধ ব্যৱসায়ীৰ ভিতৰত পৱন আগৰৱালা এজন ৷ কিন্তু মেঘালয় আৰক্ষীয়ে কোনো অবৈধ কয়লা ব্যৱসায়ীক বিচাৰিবলৈ সক্ষম নহৈ দিনজোৰা নাটকৰ অন্ত পেলায় ৷ পূৰ্বেও গুৱাহাটীত কেইবাটাও স্থানত মেঘালয় আৰক্ষীয়ে অভিযান চলাইছিল যদিও কোনো অবৈধ কয়লা ব্যৱসায়ীক বিচাৰি পাবলৈ সক্ষম নহ’ল ৷
লগতে পঢ়ক :House engulfed in fire Update:নুনমাটিৰ ৰামসিং চাপৰিত সংঘটিত অংগ্নিকাণ্ডৰ নতুন মোৰ