Meghalaya miscreants attack Assam people: অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ মালচাপাৰাত অসমীয়াক আক্ৰমণ - অসম মেঘালয় সীমান্তৱৰ্তী বকো
বকো, 17 মাৰ্চ :অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ মালচাপাৰাত ভাতৃঘাতী সংঘৰ্ষ । গাৰোজানত স্থানীয় অসমীয়াৰ তামোল গছ কাটি তহিলং কৰিলে দুৰ্বৃত্তই ৷ দুৰ্বৃত্তৰ দলটোৱে ইয়াতে ক্ষান্ত নাথাকি সীমান্তৱৰ্তী অঞ্চলটোত বসবাস কৰা একাংশ অসমীয়া লোককো কৰিলে আক্ৰমণ (Meghalaya miscreants attack Assam people )। নিজৰ ভূমিতেই দুৰ্বৃত্তৰ দলে অসমীয়াক আক্ৰমণ কৰিলে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা আহি থিতাপি লোৱা একাংশ দুৰ্বৃত্তই । স্থানীয় লোকসকলে দিয়া অভিযোগ অনুসৰি, হাতে হাতে জাঠি, জোং, ডেগাৰ আদি লৈ সেই স্থানত বসবাস কৰা অসমীয়া লোকক দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰে (Miscreants attack Assam people) । এই আক্ৰমণত আহত তিনিজন লোক ক্ৰমে চবিন জি চাংমা(65), হাকেইৰ চাংমা(35) আৰু চঞ্চন মাৰাক(20) বুলি জানিব পৰা গৈছে ।
ভুক্তভোগী লোকসকলে ইতিমধ্যে বকো আৰক্ষী থানাত ২৭ জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চিক্সষ্টাৰ মাৰাক আৰু চাৱন চাংমা নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, বকোৰ মালচাপাৰাত বসবাস কৰা লোকসকলৰ অধিক সংখ্যক জোৱায়েকেই মেঘালয়ৰ বাসিন্দা । মেঘালয়ৰ এই লোকসকলে অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোৰ স্থানীয় আবাসীসকলৰ জোৱাই হ’ল থিকেই; কিন্তু এক আক্ৰমণাত্মক মনোভাৱেৰে এওঁলোকে পূৰ্বেও অঞ্চলটোৰ স্থানীয় লোকৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Assam Meghalaya border issue)।