Assam Arunachal Border Dispute : ধেমাজি আৰু নামনি চিয়াং জিলাৰ সীমা সমস্যা সন্দৰ্ভত জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত বৈঠক - Assam Arunachal Border
Published : Oct 16, 2023, 7:52 AM IST
জোনাই, 16 অক্টোবৰ : দেওবাৰে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত মন্ত্ৰী ডাঃ ৰণোজ পেগু অধ্যক্ষতাত সীমা সমস্যা এক বৈঠকৰ আয়োজন কৰা হয় ৷ বিশেষকৈ অসমৰ ধেমাজি জিলা আৰু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ সীমা সমস্যা সমাধানৰ সন্দৰ্ভত অনুষ্ঠিত হয় এই বৈঠকখন ৷
উক্ত বৈঠকত দুয়োখন ৰাজ্যৰ মাজৰ দশক পুৰণি সীমা বিবাদ সমাধানৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ লগতে এই বৈঠকত ৰাজ্যদুখনৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ অন্তত লাভ কৰা তথ্য আৰু অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয় । সম্প্ৰতি দুয়োখন ৰাজ্যৰ মাজৰ দশক পুৰণি সীমা বিবাদ অন্ত হোৱাৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে ।
উক্ত বৈঠকত লখিমপুৰৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, অৰুণাচল প্ৰদেশৰ বিধায়ক ক্ৰমে কেণ্টো ৰিনা কাৰ্ডো নাইগিয়ৰ, নামনি চিয়াং জিলাৰ উপায়ুক্ত প্ৰমুখ্যে চক্ৰ বিষয়াসকলৰ লগতে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, উপ আয়ুক্ত যাদৱ পেগু, জোনাইৰ মহকুমাধিপতি শান্তনু গগৈ সমন্বিতে চক্ৰ বিষয়াসকল উপস্থিত থাকে ৷