Maternal death at Nalbari: নলবাৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিৰ মৃত্যুক লৈ চাঞ্চল্য
নলবাৰী, 7 মে’: ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পঁয়া লগা স্বৰূপ পুনৰ এবাৰ উন্মোচিত হ’ল ৷ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিৰ মৃত্যুক লৈ চাঞ্চল্য । সন্তান প্ৰসৱৰ পিছতেই বৰমা বজাৰ চ’কৰ জ্যোতিষ হালৈ নামৰ ব্যক্তিজনৰ পত্নীৰ মৃত্যু (Maternal death at Nalbari Medical College Hospital) ৷
নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনত অক্সিজেনৰ অভাৱ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ লোকৰ ৷ চিকিৎসা মহাবিদ্যালয়খনক লৈ চৰকাৰে যিমান ঢাক ঢোল বজাইছিল সেই অনুপাতে চিকিৎসালয়খনত পৰ্যাপ্ত সুবিধা নাই বুলি অভিযোগ পৰিয়ালৰ লোকৰ (Maternal death at Nalbari)।
শনিবাৰে দিনৰ ভাগত সন্তান প্ৰসৱ কৰিছিল প্ৰসূতি গৰাকীয়ে ৷ তাৰ পিছৰে পৰা প্ৰসূতি মহিলাগৰাকীয়ে পৰ্যাপ্ত চিকিৎসা সেৱা লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰসূতি গৰাকীৰ পৰিয়াল তথা আত্মীয়ই (Nalbari Medical College Hospital)।
লগতে পঢ়ক:Suicide in Guwahati: মহানগৰীত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা