Fire broke out at Titabor: মাজনিশা তিতাবৰত বিধ্বংসী অগ্নিকাণ্ড - অগ্নিকাণ্ড
তিতাবৰ, 17 মে’ : মাজনিশা তিতাবৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড । তিতাবৰ বান্দৰচলিহা তিনি আলিত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । জুইত জাহ গ’ল নগদ টকাসহ প্ৰায় 25-30 লাখতকৈ অধিক টকাৰ সা- সামগ্ৰী । ১৩ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত (massive fire broke out at Titabor) ।
ঘটনাস্থলীত যোৰহাট, মৰিয়নী আৰু তিতাবৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও তাৰ পূৰ্বেই সকলো জ্বলি ভস্মীভূত হয় । বৰ্তমান পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ৰাইজৰ সন্দেহ এই অগ্নিকাণ্ড চৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হৈছে । ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে (fire broke out) ।
লগতে পঢ়ক :Tomato crops at Merapani: ধুমুহাই স্বপ্নভংগ কৰিলে মেৰাপানীৰ বহু কৃষকৰ