অসম

assam

বেংকৰ শাখাত অগ্নিকাণ্ডৰ ঘটনা

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:45 PM IST

ETV Bharat / videos

তেজপুৰৰ পাঞ্জাৱ নেচনেল বেংকত ভয়ংকৰ অগ্নিকাণ্ড

তেজপুৰ, 20 নৱেম্বৰ : তেজপুৰ চহৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ চহৰৰ মাজ মজিয়াত থকা পাঞ্জাৱ নেচনেল বেংকৰ শাখাত নিশা প্ৰায় 8.30 বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷

বেংক কৰ্তৃপক্ষই বেংকৰ ভিতৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা দেখি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ৷  

ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে জুই নিৰ্বাপন হোৱা নাই বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য জানিব পৰা হোৱা নাই ৷ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই পৰিস্থিতি বুজ লোৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে ৷ 
 

লগতে পঢ়ক :উত্তৰ-পূৰ্বাঞ্চলৰ বহনক্ষম উন্নয়নৰ বাবে প্ৰযুক্তিবিদ্যা; তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

ABOUT THE AUTHOR

...view details