অসম

assam

মৰাণত নিশা বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat / videos

Massive fire :মৰাণত নিশা বিধ্বংসী অগ্নিকাণ্ড - Minister Jugen Mohan

By

Published : Jun 26, 2023, 5:35 PM IST

ডিব্ৰুগড়, 26 জুন: মৰাণত নিশা ভয়ংকৰ অগ্নিকাণ্ড ৷ মা লক্ষ্মী টু হুইলাৰ্ছ নামৰ এখন মটৰ চাইকেল মেৰামতি আৰু সামগ্ৰী বিক্ৰী দোকানত অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত দোকানখনত থকা প্ৰায় 27 লাখ টকাৰ সামগ্ৰী জুইত জাহ যায় । 

মৰাণৰ অগ্নিনিৰ্বাপক বাহিনী আৰু মৰাণ অইলৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও দোকানখনৰ চাটাৰ বন্ধ হৈ থকাত প্ৰথমে অসুবিধাৰ সন্মুখীন হয় ৷ কিন্তু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত প্ৰায় দুঘণ্টাৰ অন্ততহে জুই নিৰ্বাপন হয় । 

অগ্নিনিৰ্বাপক বাহিনীৰ অহৰহ চেষ্টাত কথমপি ৰক্ষা পৰে কাষৰ কেইবাখনো দোকান । শ্বট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি দোকানৰ গৰাকীয়ে সন্দেহ কৰিছে । ইফালে ঘটনাস্থলীত নিশাই মন্ত্ৰী যোগেন মহন উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজকে সম্ৰাট বুলি ভাবিবলৈ আৰম্ভ কৰিছে; অখিল গগৈৰ কটাক্ষ

ABOUT THE AUTHOR

...view details