অসম

assam

লখিমপুৰত অগ্নিকাণ্ডত জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 7:46 PM IST

ETV Bharat / videos

লখিমপুৰত অগ্নিকাণ্ডত জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ

লখিমপুৰ,১২ ডিচেম্বৰ:লখিমপুৰ নগৰৰ উপকন্ঠৰ বগলীজানত মঙলবাৰে বিয়লি সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । ঘৰত কোনো নথকা অৱস্থাত এটা পৰিয়ালৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় নিত্যানন্দ ফুকন নামৰ লোকজনৰ বাসগৃহ ।  

জানিব পৰা মতে পৰিয়ালটোৰ সদস্যসকল কৰ্মব্যস্ততাৰ বাবে ঘৰত তলা মাৰি ওলাই যোৱাৰ কিছু সময়ৰ পাছতে ঘৰখনত জুই জ্বলি উঠে । বন্ধ ঘৰটোত কেনেকৈ অগ্নিকাণ্ড সূত্ৰপাত হ'ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডত বাদ নপৰিল পৰিয়ালটোৰ ঘৰৰ এপদো সামগ্রী । অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত জুই নুমুৱালৈ সক্ষম হয় যদিও ইতিমধ্যে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তিৰ জ্বলি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালটোৰ লোক ।  

লগতে পঢ়ক:ৰান্ধনিশালৰ জুয়ে মাতিলে কাল, জ্বলি ছাই হ’ল মৰমৰ ঘৰখন

ABOUT THE AUTHOR

...view details