Fire in Dergaon: দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, ভষ্মীভূত প্লাষ্টিকৰ সামগ্ৰীৰ গুদাম - ভষ্মীভুত প্লাষ্টিকৰ সামগ্ৰীৰ গুদাম
Published : Oct 25, 2023, 8:56 PM IST
যোৰহাট,২৫ অক্টোবৰ: দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত নিমিষতে জ্বলি চাই হ'ল প্লাষ্টিক সামগ্ৰীৰে ভৰ্তি হৈ থকা এটা গুদাম । দেৰগাঁৱৰ পুৰণা গৌৰী চিনেমা হলৰ সমীপত সংঘটিত হয় এই অনাকাংক্ষিত ঘটনাটো । জুইৰ লেলিহান শিখাই গুদামটো আৱৰি ধৰা ফলত সকলো সামগ্ৰী মূহুৰ্ততে জুইত জাহ যায় । ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪ লাখৰো অধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হয় ।
জুইৰ ভয়াৱহতা সম্পৰ্কে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে আংশিকভাৱে নিৰ্বাপন কৰে জুই । অগ্নিকাণ্ড কিদৰে সুত্ৰপাত্ৰ হ'ল সেই বিষয়ে এই মূহুৰ্তলৈকে জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক:Fire Break Out: বিধ্বংসী জুইত ছাই হ’ল এটা ঘৰ, 100 কুইণ্টল মৰাপাট