অসম

assam

Massive fire at Mangaldai Town

By

Published : Jun 25, 2023, 6:23 PM IST

ETV Bharat / videos

Massive fire at Mangaldai Town: মঙলদৈ কৰিম চ'কত বিধ্বংসী অগ্নিকাণ্ড

দৰং,25 জুন:মঙলদৈ কৰিম চ'কত বিধ্বংসী অগ্নিকাণ্ড । পুৱতি নিশা হোৱা বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় সাতখন ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত হয় ৷ ইফালে মঙলদৈ, কলাইগাঁও আৰু ছিপাঝাৰৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ অশেষ চেষ্টাৰ ফলত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ 

স্থানীয় লোকৰ মতে গেলামালৰ দোকান আৰু এখন হাৰ্ডৱেৰ দোকানত প্ৰথমে জুইৰ সূত্ৰপাত হয় ৷ তাৰ পাচতে আন আন ব্যৱসায়িক প্ৰতিষ্ঠালৈ জুই বিয়পী পৰে ৷ এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত কোটি টকাৰ সম্পত্তি লোকচান হয় ব্যৱসায়ী সকলৰ ৷ 

ইফালে ৰাইজে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও পৰৰ্ৱতী সময়ত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয় ৷ মঙলদৈ,কলাইগাঁও আৰু ছিপাঝাৰৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপিত হয় ৷ কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেইটো বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক:Amit Shah speaks to CM Sarma: অসমৰ ভয়াৱহ বান পৰিস্থিতিকলৈ উদ্বিগ্ন ভাৰত চৰকাৰ

ABOUT THE AUTHOR

...view details