অসম

assam

জোনাইৰ 1নং আৰিমৰা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

জোনাইৰ 1নং আৰিমৰা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 6:04 PM IST

Published : Nov 19, 2023, 6:04 PM IST

জোনাই, 19 নৱেম্বৰ : জোনাইৰ 1 নং আৰিমৰা গাঁৱত অগ্নিকাণ্ডৰ ঘটনা ৷ আজি অৰ্থাৎ দেওবাৰে দুপৰীয়াৰ ভাগত আৰিমৰা গাঁৱৰ নিবাসী নিপন দলেৰ বাসগৃহত এই জুইৰ সূত্ৰপাত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে ৰাইজে ৷

ইফালে অগ্নিকাণ্ডৰ সময়ত পৰিয়ালটোৰ কোনো সদস্য ঘৰত নাছিল ৷ প্ৰথম অৱস্থাত স্থানীয় ৰাইজে জুই নুমুৱাৰ চেষ্টা কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় ৷ ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ দলে জুই নিৰ্বাপন কৰে ৷

স্থানীয় ৰাইজ সদৰী কৰা মতে, "প্ৰথমে ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰিছিলোঁ ৷ তাৰ পাচতে নিমিষতে জুই জ্বলি উঠে ৷ চিঞৰ বাখৰ কৰাত ৰাইজে গোট খাই জুই নুমুৱাৰ চেষ্টা কৰে ৷ কিছু সময়ৰ পাচতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় ৷"

লগতে পঢ়ক:ধেমাজিত আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত  

ABOUT THE AUTHOR

...view details