অসম

assam

Fire in Gohpur: গহপুৰৰ হেলেমত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Apr 19, 2023, 1:52 PM IST

গহপুৰৰ হেলেমত ভয়ংকৰ অগ্নিকাণ্ড

বিশ্বনাথ,১৯ এপ্ৰিল: গহপুৰৰ হেলেমৰ আমলখি দলনিত ভয়ঙ্কৰ অগ্নিকাণ্ড (Massive fire breaks out at Halem in Gahpur) । আমলখি দলনি বৰ নামঘৰৰ সমীপত থকা বসন্ত গগৈ ওৰফে ৰাজা গগৈৰ মনিহাৰী দোকান সম্পূৰ্ণ ৰূপে জুইত ভষ্মীভূত হয় । অগ্নি নিৰ্বাপক বাহিনীয়ে কিছু পলমকৈ উপস্থিত হৈছিল যদিও ইতিপূৰ্বে স্থানীয় ৰাইজে নিৰ্বাপন কৰে জুই (Gohpur Fire) ।  

কি দৰে অগ্নিকাণ্ড সংঘটিত হ’ল সঠিকভাৱে জানিব পৰা হোৱা নাই যদিও ভিতৰত জ্বলাই থোৱা চাকিৰ পৰাই জুইৰ সুত্ৰপাত হোৱা সন্দেহ কৰে আৰক্ষীয়ে (Fire in Gohpur) । উল্লেখ্য যে বন্ধন গোট আৰু চেটিংচ গোটৰ পৰা লোন লৈ ব্যৱসায় কৰা অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা বসন্ত গগৈৰ পৰিয়ালে দোকানখন জাহ যোৱাৰ পাচত কান্দোনত ভাঙি পৰিছে । হেলেম তথা তাৰ ওচৰে পাজৰে এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ৰখাৰ দাবী তুলিছে স্থানীয় ৰাইজে । 

লগতে পঢ়ক:Ankita Dutta accuses IYC President: যুৱ কংগ্ৰেছৰ সভাপতিয়ে মোক নিৰ্যাতন চলাইছে: অংকিতা দত্ত

ABOUT THE AUTHOR

...view details