অসম

assam

গোৱালপাৰাত অগ্নিকাণ্ডত ১০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত

By

Published : Jul 30, 2023, 10:42 PM IST

ETV Bharat / videos

Fire Incident in Goalpara: গোৱালপাৰাত অগ্নিকাণ্ড; ১০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত

গোৱালপাৰা, ৩০ জুলাই :গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চুনাৰী বজাৰত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । জুইৰ লেলিহান শিখাই পলকতে ছানি ধৰে প্ৰায় ১০খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । ভয়ংকৰ অগ্নিকাণ্ডত পলকতে জাহ যাহ ১০খন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে আনুমানিক ৫০ লক্ষাধিক টকাৰ সামগ্ৰী । স্থানীয় জুৰান পাল নামৰ ব্যৱসায়ীজনৰ চাহৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

ইফালে এই অগ্নিকাণ্ডৰ পাচত এক হাহাকাৰময় পৰিস্থিতি বিৰাজ কৰিছে চুনাৰী বজাৰত । অধিৰ পাল, জুৰান পাল, সাহানুৰ ইছলাম, আব্দুল বাদশা, জহৰ আলী, শিৱচৰণ ৰবিদাস, খোকন সাহা, পাৰ্থ প্ৰদীপ সেন আদি কৰি দহজন লোকৰ ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণ ভস্মীভূত হয় এই অগ্নিকাণ্ডত ।ইয়াৰে শিবচৰণ ৰবিদাস আৰু আব্দুল বাদশাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত গৃহহীন হৈ পৰিছে পৰিয়াল দুটা ।

অগ্নিকাণ্ডত কেইবাটাও গেছ ছিলিণ্ডাৰ বিস্ফোৰণ হোৱাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে । স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিচতো সময়মতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাৰ বাবেই অধিক ক্ষতিগ্ৰস্ত হয় ব্যৱসায়ীসকল ।

লগতে পঢ়ক:Fire in Goalpara : গোৱালপাৰাত জীৱন্তে অগ্নিদগ্ধ হ’ল 7 বছৰীয়া নাবালক

ABOUT THE AUTHOR

...view details