অসম

assam

তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Jul 12, 2023, 8:33 AM IST

ETV Bharat / videos

Fire Breaks out in Tinsukia: তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল 12 টাকৈ ঘৰ

তিনিচুকীয়া, 12 জুলাই : মঙলবাৰৰ নিশা তিনিচুকীয়াৰ ৰাজাআলীৰ আদৰ্শ পথত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় 12 টাকৈ ঘৰ ৷ বিশ্বনাথ মাহাতু নামৰ এজন লোকৰ ভাৰাঘৰত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷ অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, আদৰ্শ পথটোৰ মূল পথৰ কাষৰ এটি স্থান অবৈধভাৱে দখল কৰাৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পথটোত প্ৰৱেশ কৰিব নোৱৰাত জুইয়ে অধিক বিধ্বংসী ৰূপ লয়, যাৰ ফলত বিস্তাৰ ক্ষতিসাধন হয় স্থানীয় লোকসকলৰ ৷ এইক্ষেত্ৰত স্থানীয় ৰাইজে পুনৰ জানিবলৈ দি কয় যে, তিনিচুকীয়া পৌৰসভাই অবৈধভাৱে মাটি দখল কৰাৰ বাবে পথটোৰ কাষৰ বিল্ডিঙত হাতুৰী লগাইছিল যদিও জিলা প্ৰশাসন কিম্বা পৌৰসভাক বুঢ়া আঙুলি দেখুৱায় পুনৰ ঘৰ নিৰ্মাণ কৰে  ৷

অবৈধভাৱে বিল্ডিং নিৰ্মাণ কৰাৰ বাবেই মঙলবাৰৰ নিশা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী অগ্নিকাণ্ডস্থলীত প্ৰৱেশ কৰিব নোৱৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷ শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :BTR assembly session : সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰাৰ বাবেই বিপিএফৰ সদন ত্যাগ

ABOUT THE AUTHOR

...view details