অসম

assam

ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

ETV Bharat / videos

Fire incident in Abhayapuri: অভয়াপুৰীৰ পাখিৰিগুৰীত নিশা বিধ্বংসী অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 7:01 PM IST

বঙাইগাঁও, 27 অক্টোবৰ : বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পাখিৰিগুৰীত নিশাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত এটা ঘৰৰ বিস্তৰ ক্ষতিসাধন হয় ৷

বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত পাখিৰিগুৰী গাঁৱৰ অনুকূল মেধি নামৰ ব্যক্তিজনৰ বাসগৃত নিশা 2 মান বজাত সংঘটিত হয় এই ঘটনা ৷ কেনেকৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ল তাৰ কাৰণ জানিব পৰা হোৱা নাই ৷  

জানিব পৰা মতে পথৰ কাষতে থকা খেৰৰ ঘৰৰ পৰা এই জুইৰ সূত্ৰপাত ঘটে, তাৰ পাছতে গোহালি ঘৰ, পাকঘৰ, ধানৰ ভৰালৰ লগতে চাৰিখনকৈ বাহন ক্ৰমে এখন ট্ৰেক্টৰ, এখন ব'লেৰো পিক আপ, বাইক আৰু এখন স্কুটাৰ জুইত ক্ষতিগ্ৰস্ত হয় ৷ এই অগ্নিকাণ্ডত 20 লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি অনুমান কৰা হৈছে ৷

স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক ততাতৈয়াকৈ খবৰ দিয়াৰ লগতে বৰঘোলা আৰক্ষী, ৰাইজৰ সহযোগত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :Suicide case in Dergaon :দেৰগাঁৱৰ ঘটনাৰ দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী মানৱাধিকাৰ কৰ্মীৰ

ABOUT THE AUTHOR

...view details