অসম

assam

By

Published : Jul 6, 2022, 7:58 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / videos

কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ড: জাহ গ’ল তিনিটাকৈ ঘৰ

কলগাছিয়াৰ লাচাংগাঁৱত বিধ্বংসী অগ্নিকাণ্ড (Massive fire at Kalgachia) ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাচাংগাঁৱত মঙলবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিৰ তিনিটাকৈ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় (Three houses are completely destroyed)। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি ৰাইজে জানিব দিয়ে (Fire caused by electric short circuit)। অগ্নিকাণ্ডত নগদ ধন ৫০ হেজাৰ, মূল্যবান নথি-পত্ৰ, ধান, চাউল, ঘৰৰ আচবাব পত্ৰ সহ প্ৰায় তিনি লক্ষাধিক টকাৰ ক্ষতি হোৱা বুলি জানিব দিয়ে । পিছমুহূৰ্তত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও ৰাস্তা ঠেক হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহন সোমাব পৰা নাই । এই ক্ষেত্ৰত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এই অগ্নিকাণ্ড হৈছে বুলি জানিব দিয়ে ৰাইজে । যাৰ বাবে ৰাইজে ভুক্তভোগীক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details