Erosion of Brahmaputra: নিশা ছিগো ছিগো ব্ৰহ্মপুত্ৰৰ মথাউৰি; নৈ পৰীয়াৰ টোপনি নাই - Embankment collapsed in Nalbari
Published : Sep 28, 2023, 11:23 AM IST
নলবাৰী, ২৮ ছেপ্টেম্বৰ :নলবাৰীৰ লাৰকুছিত ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াই ধাৰণ কৰিছে কালৰূপ । লাৰকুছিত ব্ৰহ্মপুত্ৰ নৈৰ গাতে লাগি থকা মথাউৰিত সৃষ্টি হৈছে তীব্ৰ খহনীয়াৰ । ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াত মথাউৰিটো ছিগি যোৱাৰ উপক্ৰম ঘটাত বুধবাৰে নিশা লাৰকুছিকে ধৰি প্ৰায় কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত এক অসহায় অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।
এই মথাউৰিটো চিঙিলে প্ৰায় ২০ খনতকৈ অধিক গাঁও প্লাবিত হোৱাৰ আশংকা কৰা হৈছে । যাৰ বাবে সমগ্ৰ অঞ্চলৰ ৰাইজে গোটেই নিশাটো শংকাত পাৰ কৰিবলগীয়া হয় । ইতিমধ্যে মথাউৰিৰ খহনীয়াৰ খবৰ পাই নিশাই উক্ত স্থানত উপস্থিত হয় জলসম্পদ বিভাগৰ লোক ।
উল্লেখযোগ্য যে, দুমাহ পূৰ্বে একেই স্থানতে মথাউৰিটোত খহনীয়াৰ সৃষ্টি হৈ মথাউৰিটো ছিগি যোৱাৰ উপক্ৰম হৈছিল । তাৰ পাচতে জলসম্পদ বিভাগে উক্ত স্থানত মথাউৰিটো মেৰামতি কৰিছিল । বুধবাৰে নিশা পুনৰ মথাউৰিটোৰ উক্ত স্থানতে সৃষ্টি হয় তীব্ৰ খহনীয়াৰ ৷ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী ৷
লগতে পঢ়ক :ULFA I cadre surrendered: নটা বৰ্ষ সশস্ত্ৰ সংগ্ৰাম কৰা আলফা(স্বাঃ)ৰ কেডাৰ চন্দন অসমৰ আত্মসমৰ্পণ