অসম

assam

বেকী নৈত সমূহীয়াকৈ আত্মজাহৰ হুংকাৰ মইনবৰীৰ নৈপৰীয়া ৰাইজৰ

ETV Bharat / videos

Public Protest at Kalgachia: বেকী নৈত সমূহীয়াকৈ আত্মজাহৰ হুংকাৰ মইনবৰীৰ নৈপৰীয়া ৰাইজৰ - Moinbari Satra

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 8:36 PM IST

জনিয়া, 2 নৱেম্বৰ : কোনে বুজিব নৈপৰীয়া ৰাইজৰ দুখ ! জনপ্ৰতিনিধি আহি ৰাইজক প্ৰতিশ্ৰুতি দি যায় ৷ প্ৰতিশ্ৰুতি দি ৰাইজলৈ পিঠি দিয়ে ৰজাঘৰীয়াইও ৷ প্ৰায় দুমাহ ধৰি কলগাছিয়াৰ মইনবৰীত বেকী নৈৰ তীব্ৰ খহনীয়াত গৃহহীন হৈ পৰিছে শ-শ পৰিয়াল ৷

সেয়ে বেকী নৈয়ে টোপনি কাঢ়িছে ৰাইজৰ ৷ নিতৌ নৈৰ বুকুত জাহ গৈছে ইটোৰ পাচত সিটোকৈ বাসগৃহ, ধৰ্মীয় অনুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় ৷ সেয়ে খহনীয়া প্ৰতিৰোধৰ দাবীত বৃহস্পতিবাৰে মইনবৰীৰ ৰাইজ ওলাই আহিল ৰাজপথলৈ ৷

‘‘সাংসদে খহনীয়া ৰোধৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ সাংসদ পুঁজিৰ পৰা খহনীয়া প্ৰতিৰোধৰ বাবে টকা মুকলি কৰা হৈছে বুলি আমাক প্ৰতিশ্ৰুতি দিছিল সাংসদ আব্দুল খালেকে ৷ কিন্তু আজিলৈকে কোনো কামে কৰা নাই ৷ সাংসদ খালেকে প্ৰতিশ্ৰুতি দিছে যদিও বিধায়ক শ্বেৰমানে আমাৰ খবৰ ল’বলৈ আহৰি নাই ৷’’ এই মন্তব্য প্ৰতিবাদকাৰীৰ ৷

যদিহে চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ’লে সমূহীয়াকৈ নৈত আত্মজাহ যোৱাৰ হুংকাৰ ৰাইজৰ ৷

লগতে পঢ়ক:Erosion of Beki river : বেঁকীৰ কাল খহনীয়া; মানচিত্ৰৰ পৰা নিঃচিহ্ন হোৱাৰ পথত জনীয়া গাঁও

ABOUT THE AUTHOR

...view details