অসম

assam

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ETV Bharat / videos

Heavy Erosion in Dibrugarh: বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, ডিব্ৰুগড়ৰ মাইজানত অস্বাভাৱিক পৰিৱেশ

By

Published : Jun 17, 2023, 8:23 PM IST

ডিব্ৰুগড়, 17 জুন: ডিব্ৰুগড় চহৰৰ উপকন্ঠ মাইজানত ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ ৰূপ ৷ নতুনকৈ নিৰ্মাণ কৰা জিঅ'বেগৰ বান্ধৰ ওপৰেদি বাগৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ৷ ডিব্ৰুগড়ৰ মাইজানত অব্যাহত থকা ভয়াবহ বান-খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা চলাইছে জলসম্পদ বিভাগে ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত মাইজানত বৰ্তমান এক অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি হৈছে ৷  

উল্লেখযোগ্য যে, মাইজানৰ সুৰক্ষা বান্ধৰ বাবে প্ৰয়োগ কৰা জিঅ'বেগৰ ওপৰেদি বাগৰিছে বাঢ়নী পানী ৷ ইতিমধ্যে ডিব্ৰুগড় জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ তৎপৰতাত সুৰক্ষা বান্ধৰ ওপৰেদি বাগৰি যোৱা বাঢ়নী পানী সাময়িকভাৱে প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু বহু কোটি টকাৰে নিৰ্মাণ হোৱা সুৰক্ষা বান্ধৰ এই কাম-কাজক লৈ সন্তুষ্ট নহয় স্থানীয় জনসাধাৰণ ৷ শংকিত হৈ পৰিছে অঞ্চলবাসী ৷ যাৰবাবে গুৰুতৰ সমস্যা সৃষ্টি নোহোৱাৰ আগতেই স্থায়ী সমাধানৰ বাবে চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

শেহতীয়াকৈ পুনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নৱ-নিৰ্মিত মথাউৰিয়েদি ব্ৰহ্মপুত্ৰৰ পানী বাগৰি আহিলে যিকোনো মুহুৰ্তত জলমগ্ন হ'ব পাৰে ডিব্ৰুগড় চহৰ ৷ জলস্তৰ বৃদ্ধি পাই থাকিলে ডিব্ৰুগড়ৰ চহৰৰ সুৰক্ষা বান্ধ বাঢ়নী পানীয়ে ভাঙি পেলোৱাৰ সম্ভৱনা অধিক ৷ বৰষুণৰ পৰিমাণ কমি নাহিলে মাইজানত এক অবৰ্ণনীয় পৰিৱেশ সৃষ্টি হ'ব বুলিও আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক:Assam Flood Scenario: ভাঙি পেলাওক গেৰুকামুখৰ নদী বান্ধ; ক্ষোভ অখিল গগৈৰ

ABOUT THE AUTHOR

...view details