অসম

assam

মাজুলীৰ ধুমুহাৰ খবৰ

ETV Bharat / videos

Heavy storm in Majuli: প্ৰচণ্ড ধুমুহাত মাজুলীৰ লাহলিয়াল গাঁৱত বিস্তৰ ক্ষতি - প্ৰচণ্ড ধুমুহা

By

Published : Apr 19, 2023, 6:40 PM IST

মাজুলী, 19 এপ্ৰিল:মঙলবাৰৰ নিশা অহা প্ৰচণ্ড ধুমুহাই মাজুলীৰ লাহলিয়াল গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰে । ৰাতিৰ ভাগত অহা ধুমুহা জাকত লাহলিয়াল গাঁৱৰ পথৰ দাঁতিৰ প্ৰকাণ্ড গছ ভাগি পৰাৰ লগতে বিদ্যুতৰ খুঁটা ভাগি যাতায়ত ব্যাহত হৈ পৰে । ইফালে বিদ্যুতৰ খুঁটা ভাগি পৰাত গাঁওখনত বিদ্যুৎ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে (Heavy storm in Majuli) ৷

মঞ্জু বৰা, পৰেশ বৰাকে আদি কৰি গাঁওখনৰ বহু কেইঘৰ লোকৰ বাস গৃহৰ যথেষ্ট ক্ষতিসাধন কৰে এইজাক ধুমুহাই । গাঁওখনৰ কেইবাটাও পৰিয়ালৰ ভঁৰাল ঘৰৰ চালি উৰুৱাই নিয়াত ধুমুহাত সকলো তিতি-বুৰি ধানো নষ্ট হয় (Majuli storm news) ৷

অন্যহাতে এইবাৰ শত বছৰত ভৰি দিয়া আউনীআতি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতি পুৰণি এজোপা গছ এই ধুমুহাৰ ফলত ভাঙি পৰে (Massive damage in Majuli due to heavy storm)। যি জোপা গছৰ লগত বিদ্যালয়খনৰ বহু ইতিহাস জড়িত হৈ আছে ।

লগতে পঢ়ক :Fire in Gohpur: গহপুৰৰ হেলেমত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details