অসম

assam

23 নৱেম্বৰত ঐতিহ্যমণ্ডিত হৰিমন্দিৰত দহখনকৈ বিয়া

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 10:51 AM IST

ETV Bharat / videos

23 নৱেম্বৰত নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰিমন্দিৰত দহখনকৈ বিয়া

নলবাৰী, 17 নৱেম্বৰ: অহা 23 নৱেম্বৰত নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত 10 গৰাকী যুৱক-যুৱতীয়ে অগ্নিক সাক্ষী কৰি পাতনি মেলিব যুগ্ম জীৱনৰ । নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই  বৃহস্পতিবাৰৰ নিশা সংবাদমেলযোগে জনায় এই কথা ৷ ভাৰত চৰকাৰৰ 'বেটি বচাও বেটি পঢ়াও' অভিলাষী আঁচনিৰ অধীনত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জনায় জিলা আয়ুক্তগৰাকীয়ে ৷ 

কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনৰ 10 টা যোৰাৰ বিবাহ সম্পন্ন কৰাব প্ৰশাসনে । 23 নৱেম্বৰৰ দিনা দিনৰ এঘাৰ বজাত শ্ৰীশ্ৰী হৰি মন্দিৰত দৰা উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পূৰ্বে হৰি মন্দিৰ প্ৰাঙ্গণত কইনাৰ বিবাহ কাৰ্যসূচী অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্ত বৰ্ণালী ডেকাই । 

আনহাতে, স্বচ্ছতাৰ খাতিৰত উক্ত বিবাহ কাৰ্যসূচীত কোনো ধৰণৰ প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ কৰা নহয় বুলিও জানিবলৈ দিয়ে জিলা আয়ুক্তগৰাকীয়ে । এই সামূহিক মাংগলিক কাৰ্যসূচীটো সম্পূৰ্ণ নলবাৰী জিলা প্ৰশাসনৰ সহযোগিতাত অনুষ্ঠিত হ’ব বুলি সংবাদমেলযোগে সদৰী কৰে বৰ্ণালী ডেকাই । প্ৰায় ১৫০০ লোকৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই মাংগলিক কাৰ্যসূচী ৷ 

লগতে পঢ়ক:Protest in Nalbari : নলবাৰী শ্বহীদ মুকুন্দ কাকতি হাস্পতাল মুকলিৰ পূৰ্বে সুৰক্ষা সমিতিৰ গৰ্জন

ABOUT THE AUTHOR

...view details