Moran Mass Marriage: মৰাণত হোমক সাক্ষী কৰি একেলগে বিয়াত বহিল 350যোৰ দৰা-কইনা - ডিব্ৰুগড় জিলা বিবাহ সংস্কাৰ সমিতি
উৰুলি আৰু বিয়া নামেৰে মুখৰ হ’ল মৰাণ ৷ মৰাণত বৃহস্পতিবাৰে সম্পন্ন হ’ল বিশাল সামূহিক বিবাহ(Mass Marriage) অনুষ্ঠান ৷ হোমক সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হ’ল 350যোৰ দৰা-কইনা ৷ ডিব্ৰুগড় জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু ‘দ্য হান্স ফাউণ্ডেশ্যন’ৰ সহযোগত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃত সম্পন্ন এই সামূহিক বিবাহ ৷ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে অনুষ্ঠিত হোৱা এই বিবাহ অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ বিভিন্ন গাঁৱৰ বহু সংখ্যক লোক৷ উল্লেখ্য যে, আৰ্থিক সংকট আৰু আন বিভিন্ন কাৰণত সম্পন্ন হোৱা নাছিল বিবাহ ৷ সেয়েহে, বিবাহৰ বাবে প্ৰয়োজন হোৱা সকলো যাৱতীয় সামগ্ৰী আৰু বস্ত্ৰ দৰা-কইনাক প্ৰদান কৰে উদ্যোক্তাসকলে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST