অসম

assam

মৰিগাঁৱত ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বৰাৰ মৃত্যুবাৰ্ষিকী পালন

ETV Bharat / videos

Surya Bora death anniversary observed: মৰিগাঁৱত ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বৰাৰ মৃত্যুবাৰ্ষিকী পালন - 63rd death anniversary of Martyr Surya Bora

By

Published : Jul 8, 2023, 6:30 PM IST

মৰিগাঁও,৮ জুলাই:মৰিগাঁৱত ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বৰাৰ ৬৩ সংখ্যক মৃত্যুবাৰ্ষিকী পালন । ১৯৬০ চনতে অসমী আইৰ মুখৰ ভাষাক জীয়াই ৰখাৰ সংগ্ৰামৰ এগৰাকী নিপুণ সৈনিক হৈ আন্দোলনত নামি পৰিছিল সূৰ্য বৰা । সেই আন্দোলনতে ৮ জুলাইত শিলিগুৰিত হোৱা আক্ৰমণত প্ৰাণ হেৰুৱাইছিল সূৰ্য বৰাই । তেখেতৰ সোৱৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সূৰ্য বৰাৰ স্মৃতি দিৱস হিচাপে পালন কৰা হয় ।  

সেই অনুসৰি মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু জাগী ভকতগাঁও সাহিত্য সভা আৰু শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত নৃত্য,গীত-মাতেৰে পালন কৰা হয় স্মৃতি দিৱস । উক্ত অনুষ্ঠানত "অসমীয়া ভাষাৰ সংৰক্ষণ আৰু ব্যৱহাৰ" শীৰ্ষক এক আলোচনাচক্ৰ অনুষ্ঠিত কৰাৰ লগতে ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বৰাৰ জীৱন সম্পৰ্কেও আলোকপাত কৰা হয় ।  

পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত আৰু ভাষা শ্বহীদ সূৰ্য বৰাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে উদ্যোক্তা আৰু পৰিয়ালবৰ্গই । অনুষ্ঠানটিত উপস্থিত থাকে অসম সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, সমাজকৰ্মী এধান বৰা, শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী বন্তি ডেকাৰ লগতে কেইবাজনো গণ্য মান্য ব্যক্তি আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ।

লগতে পঢ়ক:Election Commission effigy burnt: আমগুৰিত জ্বলিল দিল্লীস্থিত নিৰ্বাচনী আয়োগৰ প্ৰতিকৃতি

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details