অসম

assam

লখিমপুৰত শ্বহীদ কনকলতা দিৱস পালন

ETV Bharat / videos

Kanaklata Diwas observed: লখিমপুৰত শ্বহীদ কনকলতা দিৱস পালন - লখিমপুৰত শ্বহীদ কনকলতা দিৱস পালন

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 5:34 PM IST

লখিমপুৰ,২০ছেপ্টেম্বৰ: লখিমপুৰত আজি তিনিটাকৈ সংগঠনৰ উদ্যোগত শ্বহীদ কনকলতা দিৱস পালন কৰা হয় । লখিমপুৰ জিলা আয়ুক্ত ৰ কাৰ্যালয়ৰ সন্মুখত এআইডিএছঅ, এআইএমএছএছ আৰু এআইডিৱাইঅই কনকলতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, পুস্পার্ঘ্য, গীত-মাত, স্মৰণ বক্তব্য আদিৰে শ্বহীদ কনকলতা দিৱস পালন কৰে । বীৰাংগনাগৰাকীক স্মৰণ কৰি সংগঠন কেইটাৰ নেতৃত্বই চৰকাৰে তেওঁক পাহৰা বুলি ক্ষোভ প্রকাশ কৰে ।  

তেওঁলোকে কয় শ্বহীদ কনকলতা দিৱসক লৈ চৰকাৰৰ কোনো এজেণ্ডা নাই । ৪২ ৰ গণ আন্দোলনত প্ৰাণাহুতি দিয়া এইগৰাকী বীৰাংগনাৰ ত্যাগৰ স্বীকৃতি দিয়াত চৰকাৰৰ গুৰুত্ব নাই । যাৰ ত্যাগৰ বিনিময়ত দেশে স্বাধীনতা পালে সেইখন স্বাধীন দেশে আজি তেওঁক পাহৰি পেলালে । এই বৃহত্তম দেশখনে তেওঁক স্মৰণ কৰিবলৈ আহৰি নাই ।  

কনকলতা বৰুৱাৰ দৰে বীৰাংগনাৰ আদৰ্শ থকা এইখন দেশৰ মহিলাই এটিয়া ফুটপাথত জীৱন সংগ্রাম কৰিবলগীয়া হৈছে । তেওঁলোক ধৰ্ষিতা হৈছে, নিৰ্যাতিতা হৈছে । চৰকাৰে তেওঁলোকক মৰ্যাদা দিয়াতো দুৰৰ কথা সুৰক্ষাকে দিব পৰা নাই বুলি সংগঠনকেইটাৰ নেতৃত্বই চৰকাৰক সমালোচনা কৰে ।

লগতে পঢ়ক:Wild Elephant Died at Chariduar: চাৰিদুৱাৰৰ ৰিঙখাংপুৰত বনৰীয়া হাতীৰ মৃত্যু

ABOUT THE AUTHOR

...view details