অসম

assam

ETV Bharat / videos

অভিৰুচি দিৱসত মৰাণত মাৰাথন প্ৰতিযোগিতাৰ আয়োজন - All Assam marathon competition in Moran

By

Published : Aug 29, 2022, 11:05 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

অহা ৩ ছেপ্তেম্বৰত ৰাজ্য়জুৰি অনুষ্ঠিত হ'ব অভিৰুচি দিৱস(Abhiruchi Divas organized in Assam)। অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া খেলুৱৈ(First Assamese player to win Arjuna Award) ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটো বিগত বৰ্ষৰ দৰে সমগ্র ৰাজ্য়তে অভিৰুচি দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে । ইয়াৰ সমান্তৰালকৈ সাজু হৈছে মৰাণহাট ক্ৰীড়া সন্থা(Moranhat Sports Association)। ভোগেশ্বৰ বৰুৱাৰ জন্মদিন(Birthday of Bhogeshwar Barua)উপলক্ষে মৰাণত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত মাৰাথন প্ৰতিযোগিতা(All Assam marathon competition in Moran)। এই বিষয়ে সদৰি কৰিছে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে(Minister Jogen Mohan)। পোন প্ৰথমবাৰৰ বাবে মৰাণত মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস আয়োজন কৰা হ'ব বুলি মন্ত্ৰী মহনে কয় । দেওবাৰে সন্ধিয়া মন্ত্ৰী তথা সন্থাৰ সভাপতি মহনৰ সভাপতিত্বত হোৱা মৰাণহাট ক্ৰীড়া সন্থাৰ এখন কাৰ্য নিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই দিৱসৰ সৈতে সংগতি ৰাখি সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ প্ৰাইজমণি মাৰাথন প্ৰতিযোগিতা, ১০০-২০৯ মিটাৰ দৌৰৰ লগতে বিভিন্ন খেলৰো আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী মহনে । তদুপৰি এই দিৱসৰ দিনাই ১২ গৰাকী প্ৰাক্তন খেলুৱৈ আৰু ১৯ গৰাকী স্থানীয় ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব বুলি তেওঁ সদৰি কৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details