অসম

assam

আজিও নাপালে জলপাণি

ETV Bharat / videos

Deprive from ME Scholarships : ২০১৮ চনৰ মজলীয়া বৃত্তি পৰীক্ষাৰ স্ক’লাৰশ্বীপৰ পৰা বঞ্চিত এখন বিদ্যালয়ৰ শিক্ষাৰ্থী - ME বৃত্তি পৰীক্ষাৰ স্ক’লাশ্বীপৰ পৰা বঞ্চিত

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:13 PM IST

শিৱসাগৰ, ৩ অক্টোবৰ : শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ৩৬ গৰাকীৰো অধিক মেধাৱী ছাত্ৰীক চৰম প্ৰৱঞ্চনা কৰিছে শিক্ষা বিভাগে । ২০১৮ চনতে এম ই বৃত্তি পৰীক্ষা দি উত্তীৰ্ণ হৈছিল যদিও আজি পৰ্যন্ত ছাত্ৰীসকলে লাভ নকৰিলে স্ক’লাৰশ্বীপৰ ধন তথা ১০ হেজাৰ টকীয়া চেক । সংবাদ মাধ্যমৰ আগত এই অভিযোগ কৰিছে প্ৰাপ্যৰ পৰা বঞ্চিত ছাত্ৰী আৰু অভিভাৱকসকলে ৷

ছাত্ৰী আৰু অভিভাৱকসকলে উল্লেখ কৰা মতে, অসম চৰকাৰৰ শিক্ষা সঞ্চালকালয়ৰ কৰ্তৃপক্ষই ২০২০-২১ চনতে উক্ত ছাত্ৰীসকলৰ নামত ধন তথা চেক মোকলাই দিছিল ৷ কিন্তু এই চেক বা ধন আজি পৰ্যন্ত পৰীক্ষাৰ্থীসকলৰ হাততহে নপৰিল । প্ৰাপ্য স্ক’লাৰশ্বীপৰ পৰা বঞ্চিত হোৱাত বৰ্তমান ছাত্ৰীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ বাবে অনুমোদিত ধন ক'ত, কোনে হৰলুকি কৰিলে বা কাৰ ভুলৰ বাবে তেওঁলোকে আজি পৰ্যন্ত প্ৰাপ্য লাভ নাই কৰা নাই সেই সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক :Angkita Dutta on AJP Assam Yatra: অংকিতা দত্তৰ অসম জাতীয় পৰিষদত যোগদানৰ কুচকাৱাজ !

For All Latest Updates

ABOUT THE AUTHOR

...view details