Rangia terrible road accident : ৰঙিয়াৰ চেপ্তিত যাত্ৰীবাহী আৰু স্কুলৰ বাছৰ মাজত সংঘৰ্ষ, আহত 20 - যাত্ৰীবাহী আৰু স্কুলৰ বাছৰ মাজত সংঘৰ্ষ
ৰঙিয়া, 1 জুন :পুৱাই ৰঙিয়াত অঘটন ৷ আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱাই ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তি চকত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Rangia terrible road accident) । দ্ৰুতবেগী যাত্ৰীবাহী বাছে খুন্দিয়ালে চাৰ্ছ পাব্লিক স্কুলৰ বাছত । এই দুৰ্ঘটনাৰ ফলত যাত্ৰীবাহী বাছখনত থকা প্ৰায় 20 গৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে ৷ অৱশ্যে সৌভাগ্যক্ৰমে চাৰ্ছ পাব্লিক স্কুলৰ বাছখনত নাছিল কোনো শিক্ষাৰ্থী ৷
বিৱৰণি অনুসৰি, পুৱাই পূৱ দিশৰ পৰা অহা স্কুল বাছখনে 27 নং ৰাষ্ট্ৰীয় ঘাইপথটো অতিক্ৰম কৰিবলৈ লয় । সেই মূহুৰ্ততে বৰপেটা অভিমুখী এখন যাত্ৰীবাহী বাছে প্ৰচণ্ড জোৰে খুন্দা মাৰে স্কুল বাছখনক । যাৰফলত স্কুল বাছখন তিনিবাৰ লুটি-বাগৰ খাই এটা বিদ্যুতৰ খুঁটাত খুন্দিয়ায় ৰৈ যায় । ইফালে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় স্কুল বাছখনৰ চালক, হেণ্ডিমেনসহ যাত্ৰীবাহী বাছখনৰ 20 গৰাকী লোক (Many people injured in Road Mishap at Rangia)।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকসকলক চৰকাৰী চিকিৎসালয়ত আৰু দুজন লোকক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় । আনহাতে, এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে বহু সময়লৈকে বন্ধ হৈ পৰে নলবাৰী অভিমুখী 27 নং ৰাষ্ট্ৰীয় ঘাইপথটো ।
লগতে পঢ়ক :AEC students death: ৭ মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ বাবে দায়ী কোন ?