অসম

assam

প্ৰধানমন্ত্ৰীৰ সপোনৰ আৱাস গৃহ লাভৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী

ETV Bharat / videos

Deprived from PMAY: প্ৰধানমন্ত্ৰীৰ সপোনৰ আৱাস গৃহ লাভৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী - চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:21 PM IST

ধেমাজি, 3 নৱেম্বৰ:ধেমাজিত পৌৰসভাৰ অধীনত PMAY যোজনা আচঁনিৰ ৰূপায়ণৰ পুতৌজনক অৱস্থা  ৷ আবেদন কৰিও বছৰ বছৰ ধৰি প্ৰধানমন্ত্ৰীৰ সপোনৰ আৱাস গৃহৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ দৰিদ্ৰ হিতাধিকাৰীৰ ৷ পৌৰ সভাৰ অধীনৰ 10 টা ৱাৰ্ডৰ অন্তৰ্গত গাঁওসমূহত বহু হিতাধিকাৰীয়ে বছৰ বছৰ ধৰি এটি চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত হ’বলগীয়াৰ ছবি পোহৰলৈ আহিছে ৷

হিতাধিকাৰীসকলে জানিবলৈ দিয়া মতে, ঘৰ অনুমোদন হোৱাৰ পিছতো বছৰ বছৰ ধৰি প্ৰথম কিস্তিৰ ধনে তেওঁলোকে লাভ নকৰিলে । সেইদৰে আন কোনো দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিৰ ধন লাভ কৰিলে যদিও দ্বিতীয় কিস্তিৰ ধন মোকোলাই নিদিয়াত ধাৰত পোত যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ 

প্ৰাপ্যৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ধেমাজি পৌৰসভাৰ সংশ্লিষ্ট ৱিষয়া, ৱাৰ্ড সদস্যক বহুবাৰ এই সন্দৰ্ভত অৱগত কৰাৰ পিছতো তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৷

লগতে পঢ়ক:Electricity system in Assam : ৰঙাপৰাত মৰণফান্দ, নিৰ্বিকাৰ শক্তি বিভাগ

For All Latest Updates

ABOUT THE AUTHOR

...view details