অসম

assam

ETV Bharat / videos

Operation against cyber crimes in Morigaon : চাইবাৰ অপৰাধত অভিযুক্ত দহজনক আটক - আপত্তিজনক সামগ্ৰী জব্দ

By

Published : Dec 24, 2022, 8:22 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান (Operation against cyber crimes in Morigaon)৷ মৈৰাবাৰী আৰক্ষী থানাৰ এটা গোচৰৰ ভিত্তিত মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে মৰিগাঁও আৰক্ষীৰ এটা বৃহৎ দলে মৈৰাবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা চাইবাৰ অপৰাধত অভিযুক্ত দহজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় (Many people arrested on charges of cybercrime in Morigaon)। ধৃত দহজন অভিযুক্ত ক্ৰমে মুচফিকুল ৰহমান, ৰিজাবুল ইছলাম, বাহাৰম বাদশ্বাহ, ইচাদুল ইছলাম, মাহাদুজ হুছেইন, মতিউৰ ৰহমান, ৰকিবুল হুছেইন, ৰিবুল ইছলাম, ৰেকিবুদ্দিন আহমেদ আৰু চমিন উদ্দিন আহমেদ । শনিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই (Morigaon police press meet)৷ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ধৃত ব্যক্তি কেইজনৰ পৰা নগদ ২২ হাজাৰ টকা, ৪০০ ৰো অধিক ম’বাইল চীমকাৰ্ড, দুটা লেপটপ, ছীল মোহৰ থকা ৩০ টা ম’বাইল ফোন, ৩০ টা বিভিন্ন বেংকৰ চেকবুক, বহু কেইখন ATM কাৰ্ড, পান কাৰ্ড, কেইবাটাও কম্পিউটাৰ হাৰ্ডডিস্ক, আধাৰ কাৰ্ডৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে । বৰ্তমান মৰিগাঁও আৰক্ষীয়ে অভিযুক্ত কেইজনক জেৰা অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details