অসম

assam

টিংখাঙত ধুমুহাই ম্লান কৰিলে ৰঙালীৰ আনন্দ

By

Published : Apr 25, 2023, 12:47 AM IST

ETV Bharat / videos

Heavy storm: টিংখাঙত ধুমুহাই ম্লান কৰিলে ৰঙালীৰ আনন্দ

ডিব্ৰুগড়,২৪ এপ্ৰিল: ৰঙালীৰ আনন্দৰ নোহোৱা হ'ল টিংখাঙৰ ৰাইজৰ । দেওবাৰে নিশা অহা এজাক প্ৰৱল ধুমুহাই তচনচ কৰি গ'ল টিংখাঙৰ বিভিন্ন অঞ্চল (Storm affects many people in Tingkhang) । ধুমুহাৰ ফলত বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বিদ্যুৎ যোগান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে (Power cut off due to storm in Tingkhang) ।

বিশেষকৈ টিংখাং সমষ্টিৰ অন্তৰ্গত ২ নং নাচনী, চাৰেংপথাৰ, চুৰাত নিবাম, জকাই, ধমন, চেচাবিল, গেলা-দিচাং, ২ নং ৰংছোৱাল আদি গাঁৱত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ।  

আনহাতে টিংখাঙৰ চুৰাত নিবামত এঘৰ মানুহৰ ঘৰত গছ বাগৰি পৰাৰ ফলত মণ্টু চাংমাই নামৰ এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । যুৱকজনক নিশাই সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । 

টিংখাঙত ৰঙালী বিহুৰ প্ৰথম দিনাও ভয়ংকৰ ধুমুহা বৰষুণে বহু কেইখন গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰিছিল (Storm damaged in Tingkhang) ৷ ক্ষতিগ্ৰস্ত ৰাইজে নিজৰ বাসগৃহ, ভঁড়াল গৃহ নিৰ্মাণ কৰিবলৈ নাপাওঁতেই পুনৰ ধুমুহাৰ কবলত পৰাত এতিয়া ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজে বিশেষ সাহায্য লাভ কৰা নাই বৰ্তমানলৈ । কেৱল এখন তিৰপাল দিয়েই প্ৰশাসনে দায়িত্ব সামৰিছে । 

লগতে পঢ়ক:Angkita Dutta updates: বিজেপিলৈ নাযায় অংকিতা, আইনী যুঁজ চলাই যোৱাৰ অংগীকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details