অসম

assam

ইহাটা চাৰিআলিৰ কলমনিত অঘটন

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 10:45 PM IST

ETV Bharat / videos

বুট মাহৰ বিষক্ৰিয়া ঘটি শিশু মহিলাসহ শতাধিক লোক অসুস্থ

বাইহাটা, 14 ডিচেম্বৰ :কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ কলমনিত অঘটন ৷ বুট-মাহৰ বিষক্ৰিয়া হৈ আক্ৰান্ত শতাধিক লোক ৷ জানিব পৰা মতে তিনিদিন পূৰ্বে অঞ্চলটোৰ এখন দোকানৰ শুভ আৰম্ভণি অনুষ্ঠান আছিল ৷ এই অনুষ্ঠানত অঞ্চলটোত প্ৰায় ডেৰ শতাধিক লোক উপস্থিত আছিল ৷ এই অনুষ্ঠানত উপস্থিত থকা সকলো লোককে বুট-মাহ বিতৰণ কৰা হৈছিল ৷

অনুষ্ঠানত বিতৰণ কৰা বুট-মাহ খাই নিশাৰ ভাগলৈ কিছু লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ অসুস্থ লোক কেইজনক বিহদিয়া চিকিৎসালয় আৰু কমলপুৰ মহাত্মা গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷  

চিকিৎসা গ্ৰহণ কৰাৰ পিছত তেওঁলোক ঘৰলৈ উভতি আহিছিল যদিও বৃহস্পতিবাৰে পুনৰ অসুস্থ হৈ পৰাৰ লগতে নতুনকৈ প্ৰায় এশজন লোকৰ বমি, শৌচ, মূৰৰ বিষত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে ৷ অসুস্থ সকলক অমিনগাঁওস্থিত তুলাৰাম বাফনা চিকিৎসালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ 
 

লগতে পঢ়ক :গোলাঘাটত ভুৱা নাৰ্ছিং চেন্টাৰ চলোৱা MD ক আটক

ABOUT THE AUTHOR

...view details