অসম

assam

By

Published : Jan 13, 2023, 2:23 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

Road accident at Kalgachia: নিয়ন্ত্ৰণহীন বাহনে মহতিয়ালে দুটাকৈ বাসগৃহ

কলগাছিয়াৰ ক্ষুদ্ৰকুচিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে (Kalgachia Road Accident)৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰকুচি গাঁৱত বৃহস্পতিবাৰে নিশা ২ বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনাটো (Road accident at Kalgachia)৷ জানিব পৰা মতে চেনিমাৰীৰ পৰা বৰপেটা ৰোড অভিমুখী AS15 01NC 8872 নম্বৰৰ কেঁচা জলকীয়া ভৰ্তি চাৰিচকীয়া তীব্ৰবেগী এখন বাহনে 2 নং ৰাজ্যিক ঘাইপথৰ ক্ষুদ্ৰকুচি অংশত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বাসগৃহত খুন্দা মাৰি আন এটা বাসগৃহৰ ওপৰত বাগৰি পৰেগৈ । ফলত দুয়োটা বাসগৃহই ভাঙি ভাঙি চুৰমাৰ হয় ৷ উল্লেখ্য যে বাসগৃহৰ ভিতৰত থকা ৬০ উৰ্ধৰ এগৰাকী বৃদ্ধ মহিলাৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ ইফালে ক্ষতিগ্ৰস্ত মান্নান মিয়াৰ পৰিয়ালে দুটা বাসগৃহৰ ক্ষতি পূৰণৰ দাবী জনাইছে ৷ এই দুৰ্ঘটনাটো মুঠ 4 জনকৈ লোক গুৰুতৰভাৱে আহত হয় (4 injured in road accident)৷ আহতকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details