অসম

assam

আজি মহা নৱমী

ETV Bharat / videos

Maha Navami 2023 : নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত ১০ দিনীয়া কাৰ্যসূচীৰে পূজাৰ মহা আয়োজন - বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ মহা আয়োজন

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 5:50 PM IST

নলবাৰী, ২৩ অক্টোবৰ :আজি মহা নৱমী । মহা নৱমী উপলক্ষে ৰাজ্যৰ ভিন্ন ঐতিহাসিক শক্তিপীঠ দেৱালয়সমূহত চলি আছে পূজা অৰ্চনা । ইয়াৰে সমান্তৰালকৈ আজি নৱমীৰ দিনা বলিৰ বাবে সাজু হৈছে শক্তিপীঠ দেৱালয়সমূহ । নলবাৰীৰ ঐতিহাসিক শৈৱ শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়তো পুৱাৰে পৰা দেখা যায় একেই পৰিৱেশ ‌।

বিল্বেশ্বৰ দেৱালয়ত বলি আৰু উচৰ্গাৰ বাবে সাজু হৈছে ৬৩ টাকৈ ম’হ । লগতে হাঁহ, পাৰ, ছাগলী আদিও বলি আৰু উচৰ্গাৰ বাবে সাজু কৰা হৈছে । ইতিমধ্যে শৈৱ শক্তিপীঠখনত সকলো বৈদিক ৰীতি-নীতিৰে বলিৰ সাজু হৈছে উদ্যোক্তাসকলো ।

তথ্য অনুসৰি, কিছু সময় পিচতেই এই মহা নৱমী উপলক্ষে আৰু অধিক লোকাৰণ্য হৈ পৰিব ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ৰ প্ৰাংগন ৷

লগতে পঢ়ক :Maha Navami 2023 : শ্ৰীশ্ৰী বুঢ়ী গোসাঁনী দেৱালয়ত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details