২৫৬ সংখ্যক ন লগোৱা উৎসৱ; লোকাৰণ্য বৰভেটিৰ বাকৰি - লোকাৰণ্য বৰভেটিৰ বাকৰি
Published : Nov 26, 2023, 2:21 PM IST
যোৰহাট, ২৬ নৱেম্বৰ : আজি ২৫৬ সংখ্যক ন লগোৱা উৎসৱ ৷ পুৱাৰে পৰা লোকাৰণ্য হৈ পৰিছে শ্ৰীশ্ৰী অষ্টভুজ দেৱৰ পবিত্ৰ তীৰ্থভূমি বৰভেটিৰ বাকৰি ৷ এই ঐতিহাসিক ন লগোৱা উৎসৱৰ সাক্ষী হ'বলৈ ৰাজ্য ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে বহু ভকত বৈষ্ণৱ আহি তীৰ্থ ভূমিত পৰ্দাপন কৰিছেহি । সকলোৱে এই তীৰ্থ ভূমিত ধূপ চাকি নৈবদ্য আগৱঢ়াই নেদেখাজনৰ ওচৰত আৰ্শীষ বিচাৰিছে ৷
জনবিশ্বাস আছে যে, এই তীৰ্থ ভূমিত লোণ দান দিলে ভক্তৰ মনোকামনা পূৰণ হয় । মায়ামৰা বৈষ্ণৱ গুৰু শ্ৰীশ্ৰী অষ্টভুজদেৱ গুৰুজনাৰ বলিষ্ঠ নেতৃত্বত ৮ লাখ ৯০ হাজাৰ ভক্তৰ মহান ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল এই বৰভেটি তীৰ্থ ।
আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজদেৱৰ দিনতেই তেওঁ পুত্ৰ সপ্তভুজে ১৭৬৮ চনত সমগ্ৰ অসমত সিঁচৰিত হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি গাইপতি এচপৰাকৈ মাটি দিয়াই মালৌপথাৰৰ দ ঠাইত বৰভেটি বনাইছিল বুলি জনশ্ৰুতি আছে ।
যোৰহাট নগৰ পৰাৰ নাতিদূৰৈৰ ঐতিহাসিক মালৌপথাৰত অৱস্থিত পবিত্ৰ তীৰ্থভূমিত সকলো লোকে সমূহীয়াকৈ ন লগোৱা পৰ্বত অংশগ্ৰহণ কৰে । জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোক এই তীৰ্থ ভূমিলৈ আহি সেৱা লয় ।
লগতে পঢ়ক :হৌল বান্দৰ চাবলৈ তিনিচুকীয়াৰ বাৰেকুৰিত পৰ্যটকৰ ভিৰ