অসম

assam

Manipuri Puja held in Hojai : হোজাইত ইমা পান্হোইৱী পূজাৰ বাবে ব্যস্ত মণিপুৰী সমাজ

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 3:45 PM IST

চাৰিওফালে কেৱল পূজাৰ আনন্দৰ উৎসাহ

হোজাই, 21 আগষ্ট :এতিয়া দুৰ্গোৎসৱৰ বতৰ ৷ চাৰিওফালে কেৱল পূজাৰ আনন্দ-উৎসাহ ৷ দুৰ্গা পূজাৰ সমান্তৰালভাৱে হোজাই জিলাৰ পাঞ্চালীত মণিপুৰী সমাজে উদযাপন কৰিছে ইমা পান্হোইৱী পূজা ৷ বিগত 15 বছৰ ধৰি পাঞ্চালী মণিপুৰী সমাজে পাঞ্চালীত উদযাপন কৰি আহিছে উক্ত পূজা ভাগ ৷

উক্ত পূজা ভাগে এইবাৰ ভৰি দিছে 16 বছৰত ৷ উক্ত পূজা ভাগত কাঠেৰে নিৰ্মিত মূৰ্তিৰে পূজা অৰ্চনা কৰা হয় ৷ উদ্যোক্তাই জানিব দিয়া অনুসৰি, উক্ত পূজা ভাগৰ মূৰ্তি ভাগ গাঁৱৰেই এজন যুৱকে ডাঙৰ কাঠত খুন্দন কৰি নিৰ্মাণ কৰিছে ৷ মূৰ্তি ভাগত নাই এটাও গজাল ৷

আনহাতে, আকৌ উক্ত পূজা ভাগ চলাই নিবলৈ নাই কোনো পূজাৰী ৷ এই পূজাভাগ মণিপুৰী সমাজৰ নীতি-নিয়ম অনুসৰিয়েই কৰা হয় । এই পূজাৰ অন্তত মূৰ্তি ভাগ পুনৰ সযতনে ৰখা হয় বুলিও জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

লগতে পঢ়ক :Durga puja at Devi Dol : শিৱসাগৰৰ দেৱী দৌলত দুৰ্গা পূজাৰ ব্যাপক আয়োজন

ABOUT THE AUTHOR

...view details