অসম

assam

মণিপুৰৰ সন্ত্ৰাসবাদী সংগঠনৰ দুধৰ্ষ কেডাৰক আটক আৰক্ষীৰ

ETV Bharat / videos

মণিপুৰৰ সন্ত্ৰাসবাদী সংগঠনৰ দুধৰ্ষ কেডাৰক আটক ডিব্ৰুগড় আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 1:56 PM IST

মৰাণ, 1 ডিচেম্বৰ : তিনিচুকীয়া জিলাত ৰাজ্যিক কেবিনেট বৈঠকৰ প্ৰাকক্ষণত লাহোৱাল আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ মোহনবাৰী বিমানবন্দৰৰ পৰা মণিপুৰৰ সন্ত্ৰাসবাদী PREPAK (The People's Revolutionary Party of Kangleipak) সংগঠনৰ এজন কেডাৰক আটক কৰিবলৈ সক্ষম হয় ৷ 

ধৃত কেডাৰজন নংথংবাম কবিচন্দ্ৰ সিং বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ বৰ্তমান লাহোৱাল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে কেডাৰজনৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিছে। মণিপুৰৰ সন্ত্ৰাসবাদী সংগঠনৰ দুধৰ্ষ কেডাৰজন কিয় ডিব্ৰুগড়লৈ আহিছিল সেই সম্পৰ্কত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ৷ ধৃত কেডাৰজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তিনিচুকীয়াৰ জাগুনত অন্য দুজন কেডাৰ আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ বাতৰি লিখা পৰলৈকে তেওঁলোকৰ তথ্য লাভ কৰা হোৱা নাই ৷

লগতে পঢ়ক:বিএছএফৰ প্ৰতিষ্ঠা দিৱসত শ্বহীদ সেনা নায়কলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ

ABOUT THE AUTHOR

...view details