হিংসাৰ ধোঁৱাই আৱৰি থকা মণিপুৰৰ এক আশাৰ খবৰ - Manipur News
Published : Jan 7, 2024, 2:33 PM IST
তেজপুৰ,৭ জানুৱাৰী:বৰ্তমান সময় বিজ্ঞান, প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ সময় । সেয়া যেন বাস্তৱত প্ৰতিফলিত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত । বিগত ৮ মাহে গোষ্ঠীগত সংঘৰ্ষৰে জৰ্জৰিত ভাৰত ম্যানমাৰৰ সীমান্তৱৰ্তী ৰাজ্য মণিপুৰৰ এজন ছাত্ৰৰ উদ্ভাৱনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । মণিপুৰৰ ৰাজধানী ইম্ফলৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ এজন ছাত্ৰই এখন ভিনটেজ বাজাজ-১৫০ স্কুটাৰক পৰিৱেশ অনুকূল ইলেক্ট্ৰিক বাহনলৈ ৰূপান্তৰিত কৰা কাৰ্যই এতিয়া ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।
ছাত্ৰজনৰ নাম এলবাৰ্ট ছাৰাংথেম । তিনি বছৰ পূৰ্বে মণিপুৰ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ত কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ পঞ্চম ষান্মাসিকত অধ্যয়নৰত এলবাৰ্ট ছাৰাংথেমে প্ৰথম এখন বাইকত একেধৰণে সম্পৰীক্ষা চলাইছিল । এলবাৰ্টে দুয়োখন বাহনকে পৌৰাণিক কাহিনীৰ আধাৰত নামাকৰণ কৰে । এলবাৰ্টে বাহনখনৰ নাম দিছে, ছামাডন ইভি আই । যাৰ অৰ্থ ঐশ্বৰিক উৰণীয়া ঘোঁৰা ।
ইলেক্ট্ৰিক বাহনলৈ ৰূপান্তৰ কৰা পৰিত্যক্ত অৱস্থাত থকা বাজাজ-১৫০ স্কুটাৰখন চাৰ্জিঙৰ বাবে লাগে প্ৰায় ডেৰ ঘণ্টা সময় । ৮ৰ পৰা ৯ মাহ সময়ৰ ভিতৰত বাহনখন নিৰ্মাণ কৰি উলিয়াই এলবাৰ্টে । মণিপুৰত চলি থকা গোষ্ঠীগত সংঘাতৰ বাবে সামগ্ৰীসমূহ সংগ্ৰহত বহু পলম হোৱা বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হোৱা বুলি জনাই এলবাৰ্টে । অশান্ত জৰ্জৰ পৰিৱেশৰ মাজতো এনে এক উদ্ভাৱন কৰাৰ পিছতে এলবাৰ্ট এতিয়া হৈ পৰিছে সকলোৰে নয়নৰ মণি ।
লগতে পঢ়ক:মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত ডিমা হাছাও জিলা প্ৰশাসন