অসম

assam

Manipur violence

ETV Bharat / videos

Manipur violence: মণিপুৰৰ ঘটনাই ভাৰতক বিশ্বৰ চকুত হেয় প্ৰতিপন্ন কৰিলে; অখিল গগৈ

By

Published : Jul 21, 2023, 5:35 PM IST

গুৱাহাটী, 21 জুলাই:মণিপুৰৰ ঘটনাক দুর্ভাগ্যজনক আখ্যা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ তেওঁ কয় যে এই ঘটনাক গৰিহণা দিয়াৰ কোনো ভাষা নাই ৷ ই পোনপটীয়াভাৱে ভাৰতীয় জনজীৱনৰ আটাইতকৈ ঘৃণনীয় ঘটনা হিচাপে প্ৰতিষ্ঠিত হৈছে ৷ যিয়ে ভাৰতীয় সংস্কৃতিৰ সকলো শৌৰ্য-বীর্য মৰ্যাদাক ভৰিৰে মোহাৰি ভাৰতবৰ্ষৰ সাম্প্ৰতিক সমাজক বিশ্বৰ চকুত হেয় প্ৰতিপন্ন কৰিলে ।

তেওঁ লগতে কয়, ‘‘মণিপুৰ এতিয়া‌ মানৱতাৰ বধ্যভূমিলৈ পৰিণত হৈছে । এই ঘটনাৰ বাবে সম্পূর্ণ দায়ী মণিপুৰৰ ৰাজ্যিক বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰ । বিজেপি আৰু আৰএছএছ এই ঘটনাৰ বাবে দায়ী ।’’ এই ঘটনাৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী মুখা খোল খাইছে বুলি উল্লেখ কৰি এই ঘটনাৰ বাবে এওঁলোক প্ৰধানভাৱে দায়ী বুলিও অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে । 

লগতে পঢ়ক:Constituency Delimitation: শিৱসাগৰ জিলাৰ পৰা আহোমসকলক বিচ্ছিন্ন কৰাৰ বিৰোধিতা অখিল‌ গগৈৰ

ABOUT THE AUTHOR

...view details