অসম

assam

মাণিকপুৰৰ যুৱকৰ চমক

ETV Bharat / videos

Bike from waste: এখন বিশেষ বাইক নিৰ্মাণ কৰি মাণিকপুৰৰ যুৱকৰ চমক - পাৱাৰ টিলাৰৰ চকা আৰু গেৰেজৰ পেলনীয়া সামগ্ৰী

By

Published : Jul 22, 2023, 6:51 PM IST

বঙাইগাঁও, 22 জুলাই : সময়ে সময়ে অসমৰ যুৱ সমাজে বিভিন্ন ধৰণৰ সামগ্ৰীৰ উদ্ভাৱন কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে । বাহৰ চাইকেল, চ’লাৰযুক্ত মটৰচাইকেল, বাহৰ হেলিকপ্টাৰ বিশেষকৈ বাহৰ পৰা ঘৰত ব্যৱহৃত বস্তু, নানা ধৰণৰ চৰাই, জীৱ-জন্তু আদিৰ উপৰিও নানা ধৰণৰ আকৰ্ষণীয় বাহৰে বস্তু তৈয়াৰ কৰি দেশত তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰদৰ্শিত কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । 

অসমত এনে প্ৰতিভাৰ অভাৱ নাই । তাকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰাৰ ইউছুব আলী নামৰ যুৱকজনে ।

মাণিকপুৰৰ ভাণ্ডাৰাৰ যুৱক ইউছুব আলী ৷ ইউছুবে পাৱাৰ টিলাৰৰ চকা আৰু গেৰেজৰ পেলনীয়া সামগ্ৰীৰে উদ্ভাৱন কৰিলে এখন বিশেষ মটৰচাইকেল । যুৱকজনে ১নং ভাণ্ডাৰাত হুছেইন গেৰেজ নামৰ এটা গেৰেজ খুলি তাতে দমকল, পাম্প আদি নিৰ্মাণ কৰে । সেই গেৰেজৰ অলাগতীয়াল সামগ্ৰীৰ ব্যৱহাৰ কৰিয়েই মটৰচাইকেলখন উদ্ভাৱন কৰে তেওঁ । পাৱাৰ টিলাৰৰ চকা, দমকল আৰু পাম্পৰ সামগ্ৰী সংযোগ কৰি উদ্ভাৱন কৰা মটৰচাইকেলখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

লগতে পঢ়ক :Flood in Manikpur : শ শ বিঘা ধানখেতি বালিত পোত যোৱাত কৃষকৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details