অসম

assam

Etv Bharat

ETV Bharat / videos

Manikpur football tournament: মাণিকপুৰত স্বৰ্গীয় অজিত ৰায় সোঁৱৰণী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতা - বঙাইগাঁও

By

Published : Jul 31, 2023, 11:00 PM IST

মাণিকপুৰ,31 জুলাই:বঙাইগাঁও জিলাৰ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত, মাণিকপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় অজিত ৰায় সোঁৱৰণি প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত প্ৰতিযোগীতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ১৫ বছৰ অনুৰ্ধৰ খেলত অদলাগুৰীয়ে ১-০ গ’লৰ ব্যৱধানত আৰু ছিনিয়ৰ শাখাত চুলিয়াকাটা ৰাইহান ক্লাৱে ৫-৪ গ’লৰ ব্যৱধানত বিজয়ী হয় ৷  

উল্লেখ্য যে একে দিনাই দুয়োটা শাখাত চূড়ান্ত খেল অনুষ্ঠিত হয় ৷ দুয়োটা শাখাত অনুষ্ঠিত খেল নিৰ্দিষ্ট সময়ৰ ভিতৰত অমিমাংসিত হোৱাত টাইব্ৰেকাৰৰ সহায়ত দুয়োটা দলে বিজয়ী হয় ৷ বিজয়ী আৰু বিজিত দলক মেডেল, মাননী আৰু ট্ৰফী প্ৰদান কৰা হয় ৷ এই ফুটবল প্ৰতিযোগীতাখনত দুয়োটা শাখাত ১৬ টাকৈ দলে অংশ গ্ৰহণ কৰিছিল। আজিৰ চূড়ান্ত খেল দুখন ১৫ বছৰৰ অনুৰ্ধ শাখাত কঠালগুৰী বনাম অদলাগুৰীৰ মাজত অনুষ্ঠিত হয় আৰু ছিনিয়ৰ শাখাত পাতিলাদহা বাপুজী ক্লাৱ বনাম চুলিয়াকাটা ৰাইহান ক্লাৱৰ মাজত অনুষ্ঠিত হয় । 

লগতে পঢ়ক:Bongaigaon SP Conference: আৰক্ষী অধীক্ষক সন্মিলনৰ সামৰণি; সংবাদমেলত গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details