Congress Protest in Manikpur: পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ দাবী; মাণিকপুৰত কংগ্ৰেছৰ প্ৰতিবাদ
বঙাইগাঁও, 12 জুন:পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰা আৰু পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতীক ব্যৱহাৰ কৰিবলৈ দিয়াৰ দাবীত মাণিকপুৰত কংগ্ৰেছৰ প্ৰতিবাদ ৷ মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷
সমগ্ৰ অসমৰ লগতে বঙাইগাওঁ জিলাৰ মাণিকপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগতো সোমবাৰে ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ লগতে দলীয় প্ৰতীক চিহ্ন নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ দিয়াৰ দাবীত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ধৰাশায়ী হোৱাৰ ভয়ত দলীয় প্ৰতীক অবিহনে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি অভিযোগ কংগ্ৰেছৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমৰ্মে মাণিকপুৰত কংগ্ৰেছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ৰাইজৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনত দলীয় প্ৰতীক ব্যৱহাৰৰ দাবী তুলি মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক:Congress Protest in Tezpur: পঞ্চায়ত নিৰ্বাচন; তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ