Manik sarkar in Assam: আৰএছএছৰ নিৰ্দেশত পৰিচালিত হৈ আছে চৰকাৰ: মাণিক সৰকাৰ
ৰঙিয়া, 20 জুন :দলীয় সভাত অংশ গ্ৰহণ কৰিবলৈ ৰঙিয়াত উপস্থিত হ'ল ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বাওঁপন্থী নেতা মাণিক সৰকাৰ । সভাৰ অন্তত সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত নেতাগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায় । মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় প্ৰধানমন্ত্ৰীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে বাওঁপন্থী নেতাগৰাকীয়ে ৷
বৰ্তমান দেশত চৰকাৰ আৰ এছ এছ ৰ নিৰ্দেশত পৰিচালিত হৈ আছে বুলি উল্লেখ কৰি দেশৰ চৰকাৰখন সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক শক্তি তথা পুঁজিপতিৰ নিয়ন্ত্ৰণত আছে বুলি কয় । দেশৰ চৌদিশে দুৰ্নীতিয়ে ছানি ধৰিছে বুলি উল্লেখ কৰি বৰ্তমান চৰকাৰখনে কৰা অনিয়ম অন্যায়ৰ বিৰুদ্ধে চি পি আই এমৰ সমান্তৰালভাৱে কংগ্ৰেছেও মাত মাতি আছে বুলি কয় । গতিকে কংগ্ৰেছ দলৰ বিৰোধিতা কৰাৰ প্ৰশ্নই উত্থাপন হ’ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়ক :Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ