One person goes missing in Burhi Dihing : বুঢ়ীদিহিং নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন হ'ল এজন
Published : Sep 2, 2023, 7:05 PM IST
ডিব্ৰুগড়, 2 ছেপ্টেম্বৰ :খোৱাঙৰ বুঢ়ীদিহিং নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন লোক ৷ কোটোহাৰ 1 নং নাওজান গাঁৱৰ লোকজনৰ নাম চন্দ্ৰ সোনোৱাল ৷ শুকুৰবাৰে পুৱাৰ ভাগত বুঢ়ীদিহিং নদীত মাছ মাৰিবলৈ যোৱাৰে পৰা সন্ধানহীন হৈ আছে লোকজন ৷ লোকজনৰ সন্ধানত SDRF বাহিনীয়ে ইতিমধ্যে নদীৰ বুকুত অভিযান চলাইছে ৷
উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে ডিব্ৰুগড় জিলাৰ 52 নং (বি) ৰাষ্ট্ৰীয় ঘাইপথত থকা খামটি ঘাট দলঙৰ পৰা বুঢ়ীদিহিঙত জাঁপ দি এজন যুৱকে আত্মহনন কৰিছিল ৷ যুৱকজন আছিল নামৰূপ ঘিলাগুৰিৰ কনক গগৈ ৷ ঘটনাৰ পাছতেই আৰু SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ কেইবাদিনো ধৰি বুঢ়ীদিহিঙৰ বিভিন্ন ঠাইত অভিযান চলাইছিল যদিও যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ৷
শনিবাৰে পুনৰ মাছ ধৰিবলৈ গৈ সন্ধানহীন হোৱা ব্যক্তিজনক বিচাৰি SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যহত ৰাখিছে ৷
লগতে পঢ়ক :Flood in Kaziranga National Park : ক্ৰমান্বয়ে উন্নত হৈছে কাজিৰঙাৰ বান পৰিস্থিতি