অসম

assam

সীমাত মাটি পেলোৱাৰ বাবেই অৰূপক চিপ্ৰাঙেৰে কোবাই হত্যা

ETV Bharat / videos

Nalbari Murder Case: কেইচপৰা মান মাটিৰ বাবেই যুৱকক হত্যা - নৃশংস হত্যাকাণ্ড

By

Published : May 11, 2023, 4:13 PM IST

নলবাৰী, ১১ মে’: নলবাৰীৰ ধমধমা বালিতাৰাত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Nalbari Murder Case) । মটি পেলোৱাক লৈ অৰূপ কলিতা নামৰ এজন যুৱকক চিপ্ৰাঙেৰে কোবাই হত্যা কৰে মথুৰা কলিতা নামৰ এজন লোকে ৷ ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত ধমধমা আৰক্ষী চকীৰ অন্তৰ্গত বালিতাৰাত অৰূপ কলিতাই নিজৰ ঘৰত ট্ৰেক্টৰেৰে মাটি পেলাই থাকোঁতে মথুৰা কলিতাৰ সীমাত ট্ৰেক্টৰৰ পৰা অলপ মাটি অলপ খহি পৰিছিল (Man stabbed to death)। 

তাৰ পিচতে অৰূপ কলিতাই মাটিখিনি আঁতৰাবলৈ লওঁতেই কাষতে থকা মথুৰা কলিতাই হাতত চিপ্ৰাং লৈ আক্ৰমণ কৰে অৰূপক (land border clash)। তাৰ পিচতে চিপ্ৰাঙৰ কোবত প্ৰাণ হেৰুৱাই অৰূপে ৷ এই ঘটনাৰ পিচতে এতিয়া সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । বৰ্তমান হত্যাকাৰী মথুৰা কলিতাক ধমধমা আৰক্ষীয়ে আটক কৰিছে (Accused arrested) ।

লগতে পঢ়ক:Jonai police firing : লিকাবালি-মিলনপুৰত অসম আৰক্ষীৰ গুলীচালনা; আহত এটা চোৰ

ABOUT THE AUTHOR

...view details