অসম

assam

সামান্য কথাতে এজনক দাৰে ঘপিয়াই হত্যা

ETV Bharat / videos

Murder case: চুলাই ভাটিয়েই হ’ল কাল ! সামান্য কথাতে এজনক দাৰে ঘপিয়াই হত্যা - শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা

By

Published : May 14, 2023, 8:36 PM IST

মৰাণ, 14 মে’ : মৰাণৰ ফটিকাছোৱা নেপালী গাঁৱত দিপ দূপৰতে শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case at Moran)৷ সুৰাৰ ৰাগীত মাতাল হৈ সামান্য কথাতে ৰাজু চুতীয়া নামৰ এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বাবুল গড় নামৰ এজনক হত্যা কৰা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (Man stabbed a man to death)। 

স্থানীয় লোকৰ ভাষ্য অনুসৰি, দেওবাৰে বাবুল গড়ে দিন হাজিৰা কৰি আহি নিজ সন্তানৰ সৈতে পদুলিত ৰৈ থকা অৱস্থাত সুৰাৰ নিচাত মাতাল হৈ আহি ৰাজু চুতীয়াই প্ৰথমে বাবুল গড়ৰ সৈতে তৰ্কত লিপ্ত হয় ৷ এই তৰ্কই চূড়ান্ত পৰ্যায় পোৱাত চোকা অস্ত্ৰৰে বাবুল গড়ক আক্ৰমণ কৰে ৰাজুৱে ৷ সংকটজনক অৱস্থাত বাবুলক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও আধাবাটতে বাবলুৰ মৃত্যু হয় ৷

ইয়াৰ পিচতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাজু চুতীয়াক আটক কৰিছে ৷ একমাত্ৰ চুলাই ভাটিৰ বাবেই এই ঘটনা সংঘটিত হ'ল বুলি পৰিয়ালৰ লোকে দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক:Extra Marital Affair: বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে ৰাজপথত স্বামী-স্ত্ৰীৰ দুৰ্বাদল কাজিয়া

ABOUT THE AUTHOR

...view details