অসম

assam

Man rescued: হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱক উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:33 PM IST

হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱক উদ্ধাৰ

কাছাৰ, 31 আগষ্ট : কাছাৰ জিলাৰ কাটিগড়াৰ কাটিৰাইলৰ বি আৰ টি এফ কেম্পৰ সমীপত হাত ভৰি বান্ধি পেলাই থৈ দিয়া অৱস্থাত এজন যুৱক উদ্ধাৰ কৰা হৈছে ৷  লগে লগে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰে স্থানীয় লোকে ৷  জানিব পৰা মতে, মৃত্যুমুখী অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনৰ নাম কমল উদ্দিন লস্কৰ, তেওঁৰ ঘৰ কাটিৰাইত বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি স্থানীয় ৰাইজে পুৱা 8 বজাত হাত, ভৰি, চকুত বান্ধি থোৱা অৱস্থাত লোকজনক দেখি লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ এই খবৰ লাভ কৰাৰ পাচত কাটিগড়া থানাৰ আৰক্ষী উপ পৰিদৰ্শক এল চিংচঙে এটা দলৰ সৈতে সেই স্থানত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি কাটিগড়া মডেল হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰে ৷  

কমলে আৰক্ষীক জনোৱা অনুসৰি, একাংশ লোকৰ এটা দলে তেওঁক প্ৰহাৰ কৰি এনেদৰে হাত ভৰি বান্ধি মৃত্যু হ’বলৈ পেলাই থৈ যায় ৷ আক্ৰমণকাৰী দলটো কোন আছিল লগতে তেওঁক কিয় ইমান নিৰ্মমভাৱে আক্ৰমণ কৰিলে সেই সন্দৰ্ভত তেওঁ কোনো কথা গম নাপায় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ যদিও ঘটনাটো এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ 

লগতে পঢ়ক:Youth dies drugs overdose: অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত এজন যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

...view details