অসম

assam

সুৰাৰ ৰাগীত গৰ্ভৱতী পত্নী আৰু দুবছৰীয়া কন্যাক ঘপিয়াই হত্যা এজন লোকৰ

By

Published : Oct 10, 2022, 2:16 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ ছাইডিঙত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে (Murder case in Assam) ৷ দেওবাৰে সন্ধিয়া সুৰাৰ ৰাগীত মাতাল হৈ দাৰে ঘপিয়াই গৰ্ভৱতী পত্নী আৰু দুবছৰীয়া জীয়কক হত্যা কৰে বিপুল কন্ধ (30) নামৰ এজন লোকে (Man murdered wife and daughter) ৷ জানিব পৰা মতে, ঘৰুৱা কন্দলৰ বাবে বিপুল কন্ধই নিজ পত্নী আৰু জীয়েকক মাৰ ধৰ কৰাৰ লগতে নিশা ঘৰৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি পত্নী আৰু কন্যাক হত্যা কৰে ৷ দৰ্জা বন্ধ থকাৰ বাবে চুবুৰীয়াই কাজিয়াখন মীমাংসা কৰিব পৰা নাছিল বুলি জানিবলৈ দিয়ে । এই ঘটনাৰ সন্দৰ্ভত স্থানীয় গাঁওবুঢ়াই আৰক্ষীক দিয়া খবৰৰ ভিত্তিত আৰক্ষীয়ে আহি দৰ্জা ভাঙি মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে আৰক্ষীয়ে পত্নীহন্তা বিপুল কন্ধক আটক কৰিছে (Police arrested killer husband) ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details