Missing in Sonari: সোণাৰিত বাঁহ কাটিবলৈ গৈ দিচাং নৈত সন্ধানহীন - Man missing in Sonari
সোণাৰি, ৭ মে:সোণাৰিত বাঁহ আনিবলৈ যাওতে নৈত পৰি এজন লোক সন্ধানহীন হয় (Man missing in Sonari)। সোণাৰিৰ ৰংছোৱাল চাংমাই গাঁৱত দিচাং নৈত পৰি সন্ধানহীন হৈছে ভোগেশ্বৰ গগৈ (৫৫) নামৰ লোকজন (Man missing in Dichang River)। লোকজনে নৈ পাৰ কৰি বাঁহ আনিবলৈ যাওতেই পানীত পৰি সন্ধানহীন হয় ।
উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে ডিব্ৰুগড়ৰ খোৱাঙত সংঘটিত হৈছিল অনুৰূপ ঘটনা । মৰাণৰ সমীপৰ খোৱাঙৰ বুঢ়ীদিহিং নদীত বৰশী বাবলৈ গৈ সন্ধানহীন হৈছিল এজন লোক । মৰাণৰ হালমাৰী চাহবাগিছাৰ জোগনো তাঁতী (৪২) নামৰ লোকজনে সমনীয়াৰ সৈতে বুঢ়ীদিহিং নদীত বৰশী বাবলৈ আহি নদীৰ বুকুত সন্ধানহীন হৈ আছিল । ইয়াৰ পাছতেই এছ ডি আৰ এফে নদীত অভিযান চলাই তেওঁৰ মৃতদেহ নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়ক:FIR against Asomiya Yuva Manch leader : কৰিশ্মা নাথৰ বাবে দুটা সংগঠনৰ সংঘাত